জনে জনে আজি, প্ৰচাৰ কৰিছে মোৰ কলঙ্ক কাহিনী। বাটে ঘাটে কৰে আলোচনা, বনবাসী পাণ্ডৱৰ নিপুণ চানেকি চাই ৰণ পাণ্ডিত্যৰ ভীত হ’ল কৌৰৱৰ বিৰাট বাহিনী, উৰ্দ্ধশ্বাসে প্ৰাণ লই ত্যজিলে সমৰ। ভিক্ষাৰীৰ তিৰষ্কাৰ, বিদ্ৰূপৰ বাণী, দুৰ্ব্বলীৰ এনে অহঙ্কাৰ, কোন প্ৰাণে, কোন প্ৰাণে, ভাৰতৰ একচ্ছত্ৰী অধীশ্বৰ হই অম্লান বদনে আজি ল’ম শিৰ পাতি।
নেলাগে নেলাগে আৰু