সমললৈ যাওক

পৃষ্ঠা:শকুনিৰ প্ৰতিশোধ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
[ ২য় অঙ্ক
শকুনিৰ প্রতিশোধ


শিয়াল-শগুণ বহি মঙ্গহ টনা-আজোৰা কৰিব, সেই দিনা আমাৰ কিমান আনন্দ হব?
কৰ্ণ— সেই শুভদিনলৈ আৰু বেচি অপেক্ষা কৰিব নেলাগে দুঃশাসন, সেই দিন আহিছে।
দুঃশা— আহিবই লাগিব। দুৰ্য্যোধন দুঃশাসনৰ গদা, কৰ্ণ মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা ধেমালিৰ কথা নহয়। সেই দিন আনিবই লাগিব। বাৰু আপুনি অলপ অপেক্ষা কৰক, ম‍ই দাদাক জনাওঁ। [ প্ৰস্থান ]
কৰ্ণ— [ স্বগতঃ ] কৃষ্ণ! হ’ব পাৰা তুমি নৰৰূপী ভগৱান, সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব। পাৰ্থক ৰাখিব নোৱাৰিবা।

[বিষণ্ণ মনেৰে দুৰ্য্যোধনৰ প্ৰবেশ]

আহাঁ সখা।

দুৰ্য্যো— অঙ্গাধিপতি, পাণ্ডৱৰ পৰাজয় বাৰ্ত্তা শুনি সুখী হ'লো।
কৰ্ণ— তিৰস্কাৰ নকৰিবা সখা।
দুৰ্য্যো— তিৰস্কাৰ নাই কৰা মহাৰাজ, তোমাৰ গুণ-কীৰ্ত্তন কৰিছোঁ।
কৰ্ণ— [ অলপ খঙেৰে ] সখা-
দুৰ্য্যো— [ খঙেৰে ] কি-
কৰ্ণ— কৰ্ণ এতিয়াও জীয়াই আছে।
দুৰ্য্যো— এটা সামান্য কুৰু-সেনায়ো পলৰীয়া হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পায় মহাৰাজ।
কৰ্ণ— কুৰুপতি, ই আজি কেনে ব্যৱহাৰ?