স্বৰ্গীয় গণেশচন্দ্ৰ গগৈৰ
চমু জীৱনী
জন্মৰ লগতে মৃত্যুও আহে; জন্মৰ দৰেই মৃত্যুও প্ৰকৃতিৰ স্বাভাবিক কথা। কিন্তু জীৱনৰ ভৰ বয়সতে যেতিয়া কোনোজনে এই জগতৰ পৰা বিদায় লয় তেনে অৱস্থাত সেই বিয়োগ সঁচাকৈয়ে সকলোলৈকে সহিব নোৱাৰা বেজাৰৰ কথা হয়। তাতে যদি সেইজন গুণী আৰু দেশে আৰু দহে তেওঁৰ ওপৰত ভবিষ্যতলৈ কিবা আশা ৰাখিব পৰা হয়, তেনেহলে তেনেজনৰ মৃত্যুত মনে প্ৰবোধ মানিব নোখোজে। স্বৰ্গীয় গণেশচন্দ্ৰ গগৈৰ মৃত্যু সেইবাবেই আমাৰ ইমান নিদাৰুণ দুখৰ বিষয়।
৺গগৈদেউ ৺কনকচন্দ্ৰ গগৈ ই-এ-চি আৰু শ্ৰীযুতা কনকা গগৈ ডাঙৰীয়ানীৰ জ্যেষ্ঠ পুত্ৰ।আহোম ৰাজ্যৰ শেষ সিংহপুৰুষ পূৰ্ণানন্দ বুঢ়াগোহাঞিৰ বংশধৰ স্বৰ্গীয় লোকেশ্বৰ সিংহ বুঢ়াগোহাঞি ডাঙৰীয়া ৺গগৈদেউৰ মাতামহ। ৺গগৈদেউৰ পিতাদেৱেক অতি সৰল আৰু অমায়িক স্বভাৱৰ লোক আছিল। পিতাদেৱকৰ সৰলতা, মাতামহৰ উদাৰ মতি আৰু সদবংশৰ, সুগুণৰ অধিকাৰী হৈ ৺গগৈদেৱে জন্ম লৈছিল। স্কুলত গগৈদেউ নিয়মীয়া ছাত্ৰ আছিল আৰু পঢ়া-শুনাত ক’তো একো বাধা পোৱা নাছিল। ইং ১৯২৬ চনত তেওঁ মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে গুৱাহাটীৰ কটন কলেজলৈ যায়। গুৱাহাটীত কিছুদিন থকাৰ পাচত তেওঁ