সমললৈ যাওক

পৃষ্ঠা:শকুনিৰ প্ৰতিশোধ.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
[ ২য় অঙ্ক
শকুনিৰ প্রতিশোধ


অৰ্জ্জুন— কুৰুপতিৰো কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত।
যুধি— অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী।
অৰ্জ্জুন— হ’ব পাৰে যোগ্যজন। কিন্তু এইদৰে পলাবলৈ হ’লে, সেই বিশ্বাস কিমান দিন থাকিব।
ভীম— মোৰ ধাৰণা হৈছে, এইবাৰ কৰ্ণই ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিব। কোনো ক্ষত্ৰিয় বীৰে পৰাজয়ৰ কলঙ্ক সহ্য কৰি থাকিব নোৱাৰে অৰ্জ্জুন।
যুধি— মোৰো সেয়ে ধাৰণা।
অৰ্জ্জুন— তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়।

[কৃষ্ণৰ প্ৰবেশ]

কৃষ্ণ— যদুপতিয়ে কি কৰিব সখা? তোমাৰ পৰা গাণ্ডীৱ আৰু দাদাৰ হাতৰ পৰা গদা লৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপথ খাওঁনে?
যুধি— যদুপতি, তুমি নিৰস্ত্ৰ হলেও তোমাৰ অনন্ত শক্তিৰ এটি কণাই, আমাৰ পঞ্চ ভ্ৰাতা আৰু সেনা-সেনানীক শক্তিশালী কৰি তুলিছে।
কৃষ্ণ— সিমান শক্তি থকা হ’লে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰ নেচাপিলোহেঁতেন ধৰ্ম্মৰাজ। সেইবোৰ কথা এতিয়া নেলাগে; ব’লা শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে।
যুধি— আহাঁ, মই বিশ্ৰামৰ আয়োজন কৰো।  [ প্ৰস্থান ]
ভীম— ব’লা যদুপতি, আমিও শ্ৰান্ত।