এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
[ ২য় অঙ্ক
শকুনিৰ প্রতিশোধ
| অৰ্জ্জুন— | কুৰুপতিৰো কিন্তু অটল বিশ্বাস কৰ্ণৰ ওপৰত। |
| যুধি— | অযোগ্যত বিশ্বাস স্থাপন কৰা নাই ফাল্গুনী। |
| অৰ্জ্জুন— | হ’ব পাৰে যোগ্যজন। কিন্তু এইদৰে পলাবলৈ হ’লে, সেই বিশ্বাস কিমান দিন থাকিব। |
| ভীম— | মোৰ ধাৰণা হৈছে, এইবাৰ কৰ্ণই ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিব। কোনো ক্ষত্ৰিয় বীৰে পৰাজয়ৰ কলঙ্ক সহ্য কৰি থাকিব নোৱাৰে অৰ্জ্জুন। |
| যুধি— | মোৰো সেয়ে ধাৰণা। |
| অৰ্জ্জুন— | তাৰ বাবে চিন্তা নাই দাদা, যদুপতি আমাৰ সহায়। |
[কৃষ্ণৰ প্ৰবেশ]
| কৃষ্ণ— | যদুপতিয়ে কি কৰিব সখা? তোমাৰ পৰা গাণ্ডীৱ আৰু দাদাৰ হাতৰ পৰা গদা লৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিৰ এতিয়াও হোৱা নাই পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপথ খাওঁনে? |
| যুধি— | যদুপতি, তুমি নিৰস্ত্ৰ হলেও তোমাৰ অনন্ত শক্তিৰ এটি কণাই, আমাৰ পঞ্চ ভ্ৰাতা আৰু সেনা-সেনানীক শক্তিশালী কৰি তুলিছে। |
| কৃষ্ণ— | সিমান শক্তি থকা হ’লে জৰাসন্ধৰ ভয়ত তোমালোকৰ ওচৰ নেচাপিলোহেঁতেন ধৰ্ম্মৰাজ। সেইবোৰ কথা এতিয়া নেলাগে; ব’লা শিবিৰলৈ যাওঁ, বৰ ভাগৰ লাগিছে। |
| যুধি— | আহাঁ, মই বিশ্ৰামৰ আয়োজন কৰো। [ প্ৰস্থান ] |
| ভীম— | ব’লা যদুপতি, আমিও শ্ৰান্ত। |