সমললৈ যাওক

পৃষ্ঠা:শকুনিৰ প্ৰতিশোধ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬ষ্ঠ দৃশ্য ]
২১
শকুনিৰ প্ৰতিশোধ


যুদ্ধ নকৰিবি, পাণ্ডৱ তোৰ পৰ নহয়। সি মুখ আমোলাই গুচি গ’ল; মোৰ কথা নেৰাখিলে।
গান্ধাৰী– বিশ্বাস নহয় মহাৰাজ।
ধৃত– কি? [ বিচনাৰ পৰা নামি ওচৰলৈ আহি ] কি বিশ্বাস নহয় গান্ধাৰী?
গান্ধাৰী– আপোনাৰ কথা।
ধৃত– পুত্ৰ অবাধ্য। আৰু তুমিও দেখিছো। ধৃতৰাষ্ট্ৰক জন্মান্ধ বুলি বৃদ্ধ অপদাৰ্থ বুলি বিশ্বাস নকৰিবলৈ শিকিছা গান্ধাৰী।
গান্ধাৰী– অভিনয় নকৰিব মহাৰাজ। এই কুৰুক্ষেত্ৰ ৰণৰ কাৰণে কৌৰৱৰ পিতা আপুনি, আপুনিয়েই বেচি দায়ী।
ধৃত– শাস্তি দিয়া ৰাণী। ৰাজৰাজেশ্বৰী তুমি, ৰাজমাতা তুমি, শাস্তি দিয়া।
গান্ধাৰী– আঠান্নবৈটা পুত্ৰৰ অকাল মৃত্যু দেখিও যাৰ বুকু নপমিল সেই কাঠচিতীয়া পুৰুষক, সেই কঠোৰ পাষাণক অৱলা নাৰীয়ে কি শাস্তি দিব মহাৰাজ?
ধৃত— পুত্ৰশোকত জৰ্জ্জৰিত হবলৈ কৈছা ৰাণী? হৈছোঁ, বহুত দিনৰ আগতে হৈছোঁ! যিদিনা তুমি, তুমি কৰুণাময়ী জননীয়ে, নিজ গৰ্ভত ধাৰণ কৰা দেৱ-শিশুক, গৰ্ভৰ ভিতৰতে লোৰ মুদ্গৰেৰে মৰিয়াই মৰিয়াই মাংসপিণ্ডত পৰিণত কৰিছিলা, সেই দিনাই সেই দিনাই জৰ্জ্জৰিত হৈছোঁ। আজি আৰু অশ্ৰু টুকিবলৈ নাই ৰাণী; অশ্ৰুনদী