এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫ম দৃশ্য ]
১৯
শকুনিৰ প্রতিশোধ
বীৰে মাথো ধৰ্ম্ম যুদ্ধ কৰি আৱাহন, |
| শকুনি– | আজি ধৰ্ম্ম লাগে, পুণ্য লাগে, সকলো লাগে! অত দিন কত আছিল৷ দুৰ্য্যোধন কত আছিলা! পাশা খেলত ধৰ্ম্মলৈ মনত নপৰিল। ৰজস্বলা দ্ৰৌপদীক বিবস্ত্ৰা কৰোতে ধৰ্ম্মলৈ মনত নপৰিল! মোৰ বৃদ্ধ পিতা, এটা এটাকৈ নিৰান্নবৈটা ভাতৃ অন্ধকাৰ কাৰাগাৰত, এমুঠি অন্নৰ কাৰণে হাঁহাকাৰ কৰি মৰিবৰ সময়ত ধৰ্ম্মলৈ মনত নপৰিল? আজি ধৰ্ম্ম লাগে! ধৰ্ম্ম লাগে! ধৰ্ম্ম লাগে! হাঃ
হাঃ হাঃ। [ প্ৰস্থান ] |
—পট—
পঞ্চম দৃশ্য নিৰ্জ্জন পথ
[ গীত গাই গাই বৰাগীৰ প্ৰবেশ ]
( গীত )
সকলো মায়াৰে খেলা
আগতো নেদেখি পাচতো নেদেখি
বুজিব নোৱাৰা লীলা।
নিতে ফুলে ফুল সুবাসেৰে ভৰা
পথী কুলে ধৰে গীতি শুধাজৰা
প্ৰীতি অনুৰাগ সকলো অসাৰ