সমললৈ যাওক

পৃষ্ঠা:শকুনিৰ প্ৰতিশোধ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩য় দৃশ্য ]
শকুনিৰ প্ৰতিশোধ
কৰ্ণ— শুনা প্ৰিয়ে,

সূতপুত্ৰ মই—

পদ্মা— জানো প্ৰিয়তম—
কৰ্ণ— নেজানা, নেজানা?

সূতপুত্ৰ মই আছিলো এদিন।
কিন্তু, আজি হ’লো,
কুন্তী পুত্ৰ, জ্যেষ্ঠ পাণ্ডৱৰ।

পদ্মা— উপহাস নকৰিব প্ৰভু।
কৰ্ণ— উপহাস! উপহাস নোহে পদ্মা,

মাতা আহি,
নিজ মুখে, যমুনা তীৰত,
কই গ’ল আজি প্ৰভাতত,
“ৰাধাৰ নন্দন তুমি
নহয়, নহয়;
জ্যেষ্ঠ পুত্ৰ তুমি মোৰ, প্ৰথম তনয়।”

পদ্মা— দয়াময়,

তোমাৰ অনন্ত লীলা, অপাৰ কৰুণা।

কৰ্ণ— কৰুণা নহয় প্ৰিয়ে,

ই যে প্ৰতাৰণা,
নহলেনো,
ব্যৰ্থ কৰি জীৱনৰ সোণালী গৰিমা,
শিৰ পাতি লৈ লৈ ঋষি অভিশাপ,