সমললৈ যাওক

পৃষ্ঠা:শকুনিৰ প্ৰতিশোধ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ম অঙ্ক]
শকুনিৰ প্ৰতিশোধ


ভীম— অৰ্জ্জুন, অৰ্জ্জুন

যুক্তিতৰ্ক, ধৰ্মাধৰ্ম্ম যাক ৰসাতলে।
প্ৰতিজ্ঞা পালন মোৰ
জীৱনৰ ব্ৰত।

[ প্ৰস্থান ]

—পট—



৩য় দৃশ্য কৰ্ণৰ প্ৰাসাদ কক্ষ
[ চঞ্চল হৈ কৰ্ণৰ প্ৰবেশ ]

কৰ্ণ— পদ্মা—পদ্মা—পদ্মা— [ পদ্মাৰ প্ৰবেশ ]
পদ্মা— নাথ—
কৰ্ণ— [ ওচৰ চাপি ] ‘জীৱন ৰহস্য মোৰ শুনিবি অভাগি?’
পদ্মা— কি কৈছে প্ৰিয়তম? একো বুজিব পৰা নাই। আপুনি চঞ্চল হৈছে কিয়?
কৰ্ণ— চঞ্চল নহওঁ প্ৰিয়ে,

ধীৰ, স্থিৰ আজি মই
অচল, অটল।
—জানা কোন মই?

পদ্মা— জানো, আপুনি মোৰ স্বামী, মোৰ গুৰু; আপুনিয়েই মোৰ দেৱতাৰো দেৱতা।
কৰ্ণ— আৰু কি জানা?
পদ্মা— আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন।