পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লৱ-কুশৰ যুদ্ধ

অশ্বমেধ যজ্ঞৰ ঘোৰা বাল্মিকীৰ আশ্ৰমত প্ৰবেশ

হেনমতে ৰাজ্যে ৰাজ্যে ফুৰে তুৰঙ্গম।
পাচে পশিলেক ঘোৰা বাল্মীকি আশ্ৰম॥
সিবেলাত বাল্মীকি গৈলেক নাগলোক।
বৰুণে বোলয় মোৰ যজ্ঞ কৰিয়োক॥১৪
যজ্ঞ কৰি তথাতে বহিলা তপোধন।
শূন্য আশ্ৰমতে ঘোৰা পশিলন্ত বন॥
ঋষিৰ আশ্ৰমে বন দেখি লাগে ৰঙ্গ।
ফলে ফুলে জাতিষ্কাৰ জামিৰ সোলঙ্গ॥১৫
আম জাম লেতুক আমলকী অসংখ্যাত।
যেহি ফল ফুল চাৱে সেহি পাৱে তাত॥
তাকে ৰাখি বনত ফুৰয় সীতা-সুত।
ঋষিৰ ছৱাল সঙ্গে ফুৰন্ত বহুত॥১৬
ধনু শৰ ধৰি ফুৰে নিঃশঙ্ক হৃদয়।
দেখন্ত বনত ফুৰে বিচিত্ৰ যে হয়॥
ঘোৰা ধৰিবাক লৱ যায় আগবাঢ়ি।
পঢ়িলন্ত পত্ৰখান কপালৰ কাঢ়ি॥১৭
শুভপত্ৰে সমিধান প্ৰথম বচন।
দশৰথসুত ৰাম কৌশল্যানন্দন॥
অশ্বমেধ যজ্ঞ হেতু মেলিলা থোৰাক।
যাহাৰ শকতি আছে ঘোৰাক ধৰোক॥১৮