পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭১
লৱ-কুশৰ যুদ্ধ

হনুমন্তে বোলে শুনিয়োক জাম্বুবান।
দেখা কেনে কৰ্ম্ম কৰে সীতাৰ নন্দন॥৩৫৬
কলা ধাতু ৰাখি দুই বীৰ আছে পৰি।
এবে কি কৰিবো লৱ-কুশে নেই ধৰি॥
এবেসে মনত যুক্তি পাইলো খুজি লুৰি।
চক্ষু মুদি থাকিবোহো মৰা বেশ ধৰি॥৩৫৭
তথাপিতো যদি লৱ-কুশে নেই ধৰি।
ঋষিত শৰণ লৈবো কাউ-বাউ কৰি॥
জাম্বুৱন্তে বোলন্ত যে নাহিকে অন্যথা।
বৰ উপালম্ভ যে আমাৰ কোন কথা॥ ৫৮
সসৈন্যে যুজিয়া ৰামে হাৰিলা সমৰে।
জানিবা কিসক লাজ ভালুক বানৰে॥
এতেকে বোলন্তে লৱ চাপিলন্ত কোল।
মাৰুতিৰ গলে নিয়া লগাইলেক ডোল॥৩৫৯
জাম্বুৱন্ত বীৰৰ গলত ডোল দিলা।
আজুৰি পিজুৰি নিয়া ৰথত তুলিলা॥
ৰণ জিনি দুই ভাই চৰিলন্ত ৰথে।
চন্দ্ৰ সূৰ্য্য যান্ত যেন আকাশৰ পথে॥৩৬০
মাৱৰ আশ্ৰমে গৈয়া ৰথ হন্তে নামি।
কৰযোৰে কহে কথা মাতৃক প্ৰণামি॥
লৱকুশে বোলে কথা শুনিয়োক আই।
সমৰত মাৰিলো ৰামৰ চাৰি ভাই॥৩৬১