পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৬
লৱ-কুশৰ যুদ্ধ

আগে সমৰক আসা আটি মুটি কৰি।
আবে কেনে মূঢ় ভৈলা তাক পৰিহৰি॥
আস কত প্রাণীক কিসক হেন কৰা।
পৰক মাৰিলা তুমি আপুনি নমৰা॥৩৩১
কোন বেদে পাইলা তুমি ইটো কথা সাৰ।
শত্রু মিত্ৰ মাৰিলা সবাৰ পৰিবাৰ॥
বংশছেদ কৰি ৰাজা সবে ৰাজ্য খাস ।
যুদ্ধক নােৱাৰা যদি ঘৰে চলি যাস ॥৩৩২

শ্ৰীৰামচন্দ্ৰৰ যুদ্ধ এৰাৰ ইচ্ছা

জৈমিনি বদতি শুনিয়ো জন্মেজয়।
ৰামে হেন জানিলেক আপোন তনয়॥
সীতাৰ কথাত জানি আপােন ছৱালি।
ধিক ধনু শৰ বুলি পেলাইল। আছাৰি॥৩৩৩
হৰি হৰি দৈৱ বিধি কি কৰিলা মোক ।
বাপে-পােৱে যুদ্ধ শুনি হাসিবেক লোক॥
নিচিনি সবংশে হত শিশুৰ হাতত।
এহি বুলি মূৰ্চ্ছা গই পৰিলা ৰথত ॥৩৩৪
কতোবেলি মানে পাচে পাইলেক চেতন।
সুগ্রীৱক চাই হেন বুলিলা বচন ॥
তুমি কি জানহা ইটো কাহাৰ ছাৱাল।
যেবে জানা স্বৰূপত কহিয়াে সকল ॥৩৩৫