পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৫
লৱ-কুশৰ যুদ্ধ


মোৰ জাতি কুল তুমি পােছা কিবা কাজে।
আন ক্ষত্রি জাতি হলে নােসােধয় লাজে।।
কৰিয়ােক যুদ্ধ বিলম্বক পৰিহৰি।
নুহি তেবে তােমাৰ ঘােৰাক যােৱ এৰি॥৩২৬
হেন শুনি ৰামদেৱে বুলিলা দুনাই।
যেবে দোষ দেখা নিন্দা কৰিবা বােপাই।।
তথাপিতো নুযুজিবো নপাই পৰিচয় ।
হেন জানি কহিয়ো তোৰাৰ কোন আই ॥৩২৭

লৱ-কুশৰ চমু পৰিচয় দি ৰামচন্দ্ৰক ভৎসৰ্না।

লৱ-কুশে বোলে অৰে শুনিয়ে আটাই।
সীতাৰ গৰ্ভত জাত যমজ দোভাই।।
পুত্ৰৱতে পালন্ত বাল্মীকি ঋষিবৰ।
বেদ-মন্ত্র শিখাই তেহাে দিলা ধনুশৰ ॥৩২৮
ৰামৰ চৰিত্ৰ গীত গাওঁ অহর্নিশে।
বনবাসে ফুৰােহো ঋষিৰ উপদেশে ।।
ঋষিৰ প্ৰসাদে হেন জানিলো আপুনি।
তিনি ভুৱনৰ লােকে জিনিবেক কুনি॥৩২৯
তােমাৰ দেখিলো চিত্ত দাৰুণ দুৰ্ব্বাৰ।
সমৰত মৰাইলা যতেক পৰিবাৰ ।।
কোন গুৰু তােক শিখাইলা উপদেশ।
মিছা শৰ ধনু লই সমৰক আইস ॥৩৩০