এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
লৱ-কুশৰ যুদ্ধ
এহি বুলি সন্তাপ কৰিলা হৃদি-মাজ।
বিভীষণ সুগ্ৰীৱ যুদ্ধক হােৱা সাজ॥
অৱশেষ সেনামানে আছে যত যত।
ঝান্ট কৰি সাজি পাৰি আসিয়াে পাচত ॥৩১৭
ৰামৰ আদেশ বাণী শিৰোগত কৰি।
সাজিলেক সেনাগণ অতি শীঘ্ৰ কৰি ॥
ঋষিসকলত বিদায় লৈ শ্ৰীৰামচন্দ্ৰৰ যুদ্ধযাত্রা
জৈমিনি বোলে শুনা ৰাজা জন্মেজয় ।
ঋষিসকলত ৰামে লৈলন্ত বিদায় ॥৩১৮
যজ্ঞৰ ৰক্ষক কবি কত সেনা থৈলা।
বশিষ্ঠত আজ্ঞা লৈয়া সমদলে গৈলা ॥
সসৈন্যে সহিতে তৈৰ হন্তে গৈলা লৰি।
যি থানত ৰামৰ কটক আছে পৰি ॥৩১৯
কতাে কতাে মৰন্তে আছাৰে হাত ভৰি।
আৰ কতাে কতাে সেনা আছে পৰি পৰি॥
আৰ কতাে পৰি আছে মৃতকৰ ভাৱে।
হেন দেখি ৰামে চিন্তা ভৈলা সৰ্ব্বগাৱে ॥৩২০
আশ্বাস কৰন্ত ৰামে অসন্তোষ মনে।
দেখন্ত ছাৱাল দুই আছে এক থানে॥
সৰ্ব্বাঙ্গ সুন্দৰ দেখি দুইৰো সম কায়া।
হেন দেখি ৰামৰ অশেষ ভৈল দায়া ॥৩২১