পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬১
লৱ-কুশৰ যুদ্ধ

তই মােৰ মাৰিলি কটক সমুদায়।
শত্রুঘ্ন লক্ষ্মণ মাৰিলি দুই ভাই॥৩০৬
কৰিলাে সকলে ক্ষমা দোষ তাসম্বাৰ ।
থাকিয়ো কল্যাণে ঘােৰা এৰিয়ো যজ্ঞৰ ॥
হেন দেখি কুশে ধনু ধৰি ক্রোধ মনে।
ভৰতৰ হৃদিত ভেদিলা বৰ টানে ॥৩০৭
আন সব যত বীৰ আছিল সিঠাৱে।
সাত পাঞ্চ শৰে বিন্ধিলেক গাৱে গাৱে ॥
হনুমন্ত বীৰক বিন্ধিলা সাত শৰে।
অঙ্গদক দুই শত আত অনন্তৰে ॥৩০৮
নলক যে শতেক নীলক পাঞ্চ শত।
সীতা-সুত কুশে ভেদিলেক এহিমত॥
তিনি সহস্রেক শৰ মাৰিলা দুনাই ।
জাম্বৱন্ত বীৰক ভেদিলা সেহি ঠাই ॥৩০৯
হৃদয়ত জাম্বৰ যে শৰ ফুটি টানে।
তমােময় দেখি ঢলি পৰিলা তেখনে॥
সেহি বেলা সীতা-সুতে হাতে ধনু ধৰি ।
ভৰতৰ ধনুক কাটিলা শীঘ্ৰ কৰি ॥৩১০
পুনৰপি কুশে শৰ প্ৰহাৰিলা যত।
কুশৰ শৰত মূৰ্চ্ছা গৈলেক ভৰত ॥
হেন দেখি হনুমন্তে ধাইলা বৰ কোপে।
পৰ্ব্বত উফাৰি আনি উৰ্দ্ধক আটোপে ॥৩১১