পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬০
লৱ-কুশৰ যুদ্ধ

দেখা সেনাগণে কেনমতে আসে ধাই ।
হেন কথা মাতে যেবে আছে দুই ভাই ॥৩০১
সৈন্য দেখি দুই ভাই জ্বলে অগ্নিপ্রায়।
সেহিবে আগবাঢ়ি দুয়াে গৈলা ধায় ॥

লৱ-কুশৰ লগত ভৰতৰ যুদ্ধ আৰু ভৰত নিহত

জৈমিনি বদতি যে শুনা জন্মেজয়।
তেতিক্ষণে ভৰত মিলিল সেহি ঠাই ॥৩০২
ভৰতক দেখি কুশে বুলিলন্ত হাসি।
দুই গােট মাৰিলো আউৰ পাইলে আসি॥
তােমাৰ ভাতৃৰ বৈৰী মােক বােলে কুশ।
তই নতু শােধ যেবে মােহােৰ পৌৰুষ ॥৩০৩
কটক সহিতে মাৰিলােহো দুই ভাই।
মৰিবাক লাগি তই আসিলি দুনাই ॥
কুশৰ বচন শুনি ভৰত বদতি।
ৰণ জিনি ঘােৰা নিবাে মােহােৰ শকতি ॥৩০৪.
দুই সম শিশু দেখি দয়ায় হৃদয় ।
থাকিয়ো কল্যাণে এবে এৰি দিয়ো হয়॥
শুনি আছো তােৰাৰ যে মাৱ তপস্বিনী।
অনাথৰ নাথ দুই মাৰিবাে কখনি ॥৩০৫
মাৱৰ যে কথা দুয়াে কহা স্বৰূপত।
মাৰিবে পাৰন্তে দুইকো এৰিলা ভৰত ॥