সমললৈ যাওক

পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৯
লৱ-কুশৰ যুদ্ধ

বিস্তৰ হস্তীক শৰে মাৰিয়া পেলাইলা।
হাতে খােঞ্চা মাৰি তাৰ মাহুত মাৰিলা॥
ঘােৰা খেদি যান্তে পাচে মাৰে পদাতিক।
হেনমতে নষ্ট ভৈলা ৰামৰ কটক ॥২৯৬
খেদি যান্ত লৱ-কুশ সীতাসুত বীৰে ।
কাটিলেক কতাে খেদি গাণ্ডী মুণ্ড শিৰে॥
লৱৰন্তে হস্তীৰ যে কাটিলা মুণ্ডতে।
কতো কোবাই মাৰিলা দন্তৰ উপৰতে ॥২৯৭
অনেক সেনাক দুয়ো মাৰিলা ৰণতে।
বিপৰীত দেখি চাই আছন্ত ভৰতে॥
সৰ্বাঙ্গ সুন্দৰ ৰূপৱন্ত দুই শিশু।
সাক্ষাতে বুলিবে পাৰি বায়ু বিভাবসু ॥২৯৮
কাৰ্ত্তিক গণপতি যেন দোভাই আছন্ত।
হেন দেখি মনে মনে গুণে হনুমন্ত॥
বায়ুসুতে বােলে অৰে শুনিয়ো আতাই।
স্বৰূপ কহিবাে কথা যেন অভিপ্রায় ॥২৯৯
নাক মুখ আখি কাণ দেখিয়ো আকলি।
ৰামৰ ঔৰসী পুত্র সীতাৰ ছাৱালি॥
হেন কথা কহি যেবে আছে হনুমন্ত।
সেহি বেলা লৱক যে কুশে বুলিলন্ত ॥৩০০
আজিসে দাৰুণ ঘােৰ মিলিল সমৰ।
মই যুজো তই বাপু ঘােৰা ৰক্ষা কৰ ॥