সমললৈ যাওক

পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
লৱ-কুশৰ যুদ্ধ

হনুমন্তে বােলে প্রভু শুনিয়ো ভৰত।
লক্ষ্মণক দেখি মােৰ বিস্ময় মনত ॥২৯০
মেঘনাদ শৰক যে নুগুণে মনত।
হেন বীৰ হত ভৈলা শিশুৰ হাতত॥
সেহি বেলা কুণ আসি ভৈলা উপগত।
হেন কথা কহি তৈতে দেখন্ত ভৰত ॥২৯১
পিঠিত শৰৰ তূণ হাতত ডাবৰ।
বামহাতে ধনুখান আতি দৃঢ়তৰ॥
তাত পাচে লৱ আইলা তান ছােট ভাই।
দক্ষিণ হাতত খাণ্ডা বামে ধনু লই ॥২৯২
ঊৰ্দ্ধক উচ্ছাই ধনু ধৰি আসে ধাই।
ঊৰ্দ্ধ যে নয়নে উপৰক আছে চাই॥
দেখা যে দুর্গতি আসি মিলিলা আমাৰ ।
মেঘত লুকাইল সূৰ্য্য ভৈলা অন্ধকাৰ ॥২৯৩
অন্যো অন্যে মাৰে কাটে সবেয়ো চেঞ্চাই।
খুৰা জেঠা মােহা বাপ মােমাই ককাই॥
দদা পেসা সম্বন্ধি জোৱাই মিত্র সাজি।
আমি হেৰা থাকিলো ভূমিত পৰি আজি ॥২৯৪
যাইবাক নপাৰাে আবে ধৰি নিয়া মােক।
হেন শুনি বৰ ভয় ভৈলা সৰ্ব্বলােক ॥
উসমিস কটকত ভৈলা সমুদায়।
অঙ্কুশ খসাই হস্তী দশােদিশে যায় ॥২৯৫