পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৭
লৱ-কুশৰ যুদ্ধ

তথাপিতো যাইবো মই তােথেৰ কাৰণ।
তান দুই ভাই গৈয়া যােগাইবো এখন॥
ৰামৰ চৰণ মনে কৰি নমস্কাৰ ।
অপ্রয়াসে নদী বায়ুসুতে হৈলা পাৰ॥২৮৫
পাৰ হৈয়া দেখে গৈয়া লক্ষ্মণৰ শৱ ।
ক্ষণেক অন্তৰে আছে তাহান বান্ধৱ ॥
দুই ভাইক হনুমন্তে দুই হাতে ধৰি ।
ভৰতৰ আগে নিলা আথবেথ কৰি ॥২৮৬
ভৰতে দেখস্ত যে কুশৰ শৰঘাৱে ।
মৃতকৰ থান যে চেতন নাহি গাৱে ॥
ভৰতে বােলন্ত হনুমন্ত বীৰবৰ।
এবেসে জানিলো মৃত্যু আছয় আমাৰ ॥২৮৭
কটক সহিতে সাজি দুই ভাই আসিলা।
শিশুৰ হাতত কেনমতে বদ্ধ গৈলা ॥
এবে দুই ভাই নিয়া ৰথে তুলি লওঁ।
কিছু লোক ৰক্ষা দিয়া এক পাশে থওঁ॥২৮৮
আমি সবে যাওঁ সেই ছাৱালক খেদি ।
ভ্রাতৃৰ সন্তাপে অন্তর্গত আছে ভেদি॥
হনুমন্তে বােলে প্রভু শুনিয়ো ভৰত॥
লক্ষ্মণক দেখি মােৰ বিস্ময় মনত ॥২৮৯
কোনবা দেৱতা যুজে শিশুৰূপ ধৰি।
এক্ষণে মাৰিবো তাক ঘােৰ ৰণ কৰি॥