সমললৈ যাওক

পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৬
লৱ-কুশৰ যুদ্ধ

হনুমন্ত সহিতে বানৰ সেনা যত ।
আনাে সব বহু প্রজা লৰিলা লগত ॥২৭৯.
হেনমতে সসৈন্যে ৰণক গৈলা চলি ।
সমদলে কতো বেলি পাইলা ৰণস্থলী ॥
দেখন্তে ৰামৰ বহু সেনা ভৈলা হত ।
ভবতে বেলন্ত অৰে শুনা হনুমন্ত ॥২৮০
কিনাে বীৰ লৱ কুশ দাৰুণ দুৰ্ব্বাৰ ।
সমৰে মাৰিলা বহু কটক আমাৰ॥
দেখা শােণিতৰ নদী স্রোত বহি যায়।
হয় হস্তী ৰথসব উটে জাজি প্রায় ॥২৮১
কেহো ঠাই গাণ্ডী কেহো ঠাই আছে মুণ্ড।
কেহো ঠাই হাত ভৰি পৰি আছে কান্ধ ॥
কেহো ঠাই খাণ্ডা বাৰু কেহো ঠাই শৰ।
হেনসে বিপত্তি ভৈলা ৰামৰ প্ৰজাৰ ॥২৮২
দৃষ্টি কৰি মই সবে কটক চাহিলো ।
শত্রুঘন লক্ষ্মণক বিচাৰি নপাইলো॥
কিবা উটি ভাসি গৈলা নাহি তাৰ থান।
ঝাণ্ট কৰি বাৰ্ত্তা লােৱা বীৰ হনুমান ॥২৮৩,
হনুমন্তে বােলন্ত শুনিয়ো অধিকাৰী।
শোণিতৰ নদী পাৰ হৈবো কেন কৰি ॥
যিবেলা সাগৰ পাৰ হৈলো অভ্যাসতে ।
সীতাক চাহিবে হেন আছিল মনতে ॥২৮৪