পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০
লৱ-কুশৰ যুদ্ধ

যি কালত বনে গৈলা সীতা গৰ্ভৱতী।।
জানােবা তাহাৰ ভৈলা দুগুটি সন্ততি ॥২৪৭
তথাপি প্ৰৱন্ধে গৈয়া চিনিব আকাৰ ।
কিবা মােৰ থান কিবা জানকী সীতাৰ॥
তথাপিও কিছু যদি নাহি পৰিচয়।
প্ৰৱন্ধে সুধিবা তাত কাহাৰ তনয় ॥২৪৮
মহা বলৱন্ত বহু লক্ষ্মণৰ প্ৰজা।
তান আগে তৃণবৎ বৰ বৰ ৰাজা॥
সিটো দুই ছাৱাল যে অনাথ পৰায়।
সি কাৰণে নমাৰি তাঙ্ক ৰাখিতে যুৱায় ॥২৪৯
আগ পাচ সুধি তাক আনিবেক ধৰি।
আদেশ পাই দূত গৈলা নমস্কাৰ কৰি ॥

ৰণভঙ্গ সৈন্যসকলৰ উলটি ৰামচন্দ্ৰৰ আগত পৰাজয় বাতৰি দান

জৈমিনি বদতি শুনিয়ােক নৰেশ্বৰ।
হেন আজ্ঞা ভৈলা যেবে দূতক ৰামৰ ॥২৫০
সেহিবে ৰণভঙ্গে আইলা সেনাগণ।
ত্রাহি ত্রাহি বামদেৱ তােমাৰ চৰণ॥
লৱ কুশ শৰে ফুটি হত সমুদায় ।
সকল শৰীৰ ফুটি তেজ বহি যায় ॥২৫১
বিমুকুত কেশে কেহাে নিপিন্ধয় বস্ত্র।
কেহো কেহো পালটাই ধৰি আছে অস্ত্র ॥