পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬
লৱ-কুশৰ যুদ্ধ

পুনৰপি কুশে অৰ্দ্ধচন্দ্র বাণ ধৰি ।
কাটিলেক শিৰগোট অতি শীঘ্ৰ কৰি ॥২২৬
কালজিত সেনাপতি হত ভৈলা ৰণে ।
থাক থাক কুশ বুলি ধাইলা লক্ষ্মণে ॥
হানিলা বিস্তৰ শৰ সুমিত্রাৰ সুত।
আছােক কহিবাে তাক দেখি অদভুত ॥২২৭

লক্ষ্মণৰ পৰাজয় আৰু নিহত

শাল তাল বৰ বৃক্ষ অথাকে হানয়।
হেনকালে লক্ষ্মণৰ ভেদিলা হৃদয়॥
ডাৱৰ খড়গ কুশে আনিলেক ধৰি ।
সবাকো কাটিলা কুশে খণ্ড খণ্ড কৰি ॥২২৮
শৰ কাটি আনন্দ কৰন্ত সীতা-সুত।
কৰিলন্ত সিংহনাদ আতি অদভুত ॥
ধনু ধৰি গুণক যে মার্জিলা পুনৰ।
যুৰিলেক বাল্মীকি দিবাৰ পঞ্চ শৰ ॥২ ২৯
শগুণৰ পাখি চাইলা সনাইবাৰ শৰ।
সম্যকে বাসুকী সর্প সম পটন্তৰ ॥
জ্বলন্ত অগনি যেন দেখি সেহি প্রায়।
হেন শৰে লক্ষ্মণৰ ভেদিলা হৃদয়॥২৩০
কুশৰ দাৰুণ শৰ প্ৰহাৰক পাই ।
মূৰ্চ্ছা গৈয়া লক্ষ্মণ পৰিলা সেহি ঠাই ॥