পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
লৱ-কুশৰ যুদ্ধ

অকৰ্ম্মা বচন বুলিবাক নাই লাজ।
গুণি চোৱা ছাগলৰ কতো নাই কাজ ॥
কলাগােটে কিসে কাণৰ বহে ভাৰ।
যুদ্ধক নজানি মিছা বচন তােমাৰ ॥২২১
তােহােৰ গাৱত যদি আছে মুনিষাই ।
আগত কটক মাৰে মােৰ ছােট ভাই ॥
তােক সেনাপতি পাতিলেক কোনজনে।
বিস্তৰ ৰটস জিহ্বা কাকৰ লক্ষণে ॥২২২
তােৰ জিহ্বা কাটো মই এই শৰপাট।
আছয় শকতি যেবে তই তাক কাট॥
এহি বুলি কুশে মাৰিলেক এক শৰ।
কালজিতৰ পশিল যে মুখৰ ভিতৰ ॥২২৩
কাটিলেক জিহ্বখান সেহি শৰ হানি।
কালৰ মুখৰ তেবে নােলাৱয় বাণী॥
হেন দেখি কুশ বীৰে কৰন্ত বিগুটি।
তুমি বৰ ধৰ্ম্মশালী ভৈলা সেনাপতি ॥২২৪
শুনিয়াছাে মই তই জান মৌন ব্রত।
কোনেবা শিখাইলা মৌন যুদ্ধ সময়ত॥
তথাপিতো কালজিত বীৰে কৰে ৰণ ।
পুনৰপি কুশে হস্তে ধৰিলেক বাণ॥২২৫
দুখান হস্তক শৰে ভেদিল দুনাই ।
নাগপাশে বন্দী যেন এৰাইতে নৰয়॥