পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
লৱ-কুশৰ যুদ্ধ।

তােহােৰ দেখােহো বৰ কত কত গহ।
তােক আজি বিনাশিবো খানিতেক ৰহ ॥২১০
এহি বুলি কুশে হানিলেক অগ্নি-বাণ।
জ্বলিলেক বহ্নি যেন প্রদীপ সমান।।
যিবা ৰথত চৰিয়া আছিল লক্ষ্মণ।
লাগিল অগনি ভস্ম ভৈলা তেতিক্ষণ ॥২১১
কোপিত অগনি যেন জ্বলি সমুদায়।
ফাগুন চৈত্ৰত যেন বন পুৰি যায় ।।
কাহাবো মুণ্ডত শৰে লাগিলেক জুই।
আজোৰ পিজোৰ কৰে বিমূৰ্চ্ছিত হুই ॥২১২
কাহাৰাে ডাঢ়িত কাৰো গাৱৰ কাপােৰে।
কতো পলায় কতাে পুৰি আৰাৱক কৰে।।
কতো কতো ঘােৰাৰ লাঞ্জত জুই লাগি।
আগক নচলে পাচভৰি পলায় ভাগি ॥২১৩
দণ্ড ছত্র চিহ্ন সবে পতাকা চিৰল।
নানাবিধ অলঙ্কাৰ দহিলা সকল।।
জানিলা লক্ষ্মণে সেনা পৰিলা বিস্তৰ।
তেতিক্ষণে ধৰিলন্ত বৰুণৰ শৰ ॥২১৪
বৰুণ শৰত সদায় বহে পানী।
নুমাইলা অগনি বৰুণৰ শৰ হানি।।
নুমাইলা অগনি হেন কুশ বীৰে দেখি।
হানিলেক বায়ুবাণ খানিকো নাপেখি ॥২১৫