পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
লৱ-কুশৰ যুদ্ধ

সাধু সাধু লক্ষ্মণ যে বীব ধনুৰ্দ্ধৰ ।
খানিতেক যুজিয়াে কেমন বলীয়াৰ ।।
এহি বুলি কুশে হানিলেক পঞ্চ শৰ।
বায়ুত অধিক গতি বেগ খৰতৰ ॥২০৫
সেহি শৰে লক্ষ্মণক খেদি লাগ পাই ।
দণ্ড দুই পথ মানে নিল। উৰুৱাই।।
আতিশয় শৰব বেগত চাৰি হয়।
ফুৰণি দেখিয়া আতি পাইলা বৰ ভয় ॥২০৬
মৃতকৰ আকাৰে পৰিল সেহিক্ষণে।
আন ৰথ খান অতি উঠিলা তেখনে ।
কোপ অপমানে পাচে সুমিত্ৰাৰ সুত।
দুই পাট শৰ বাছি লৈলন্ত ক্রোধত ॥২০৭
কর্ণমানে টানিয়া মাৰিলা দুই শৰ।
কাটিলা কৱচখান কুশৰ গাৱৰ।।
কীৰিটি আছয় যেবে কুশৰ ললাটে ।
লক্ষ্মণে কাটিলা তাক শৰ একপাটে ॥২০৮
কাটিল কৱচ ভৈলা উদাস শৰীৰ ।
চোঞ্চ কাৰা সৰ্প যেন ভৈলা কুশৰীৰ।।
উপহাস্য কৰি পাচে মতে বীৰ কুশে।
কৱচ সহিতে যুজে নিস্ফল পুৰুষে ॥২০৯
অকাৰ্যত কৱচৰ মিছা বহো ভাৰ।
তাক কাটি মােক আজি কৰিলা উদ্ধাৰ।।