পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০
লৱ-কুশৰ যুদ্ধ

অনন্তৰে দশবীৰে হানিলেক শৰ।
কাটিলেক চক্ৰপাত লৱৰ হাতৰ।।
দেখি লৱে পৰিঘক তুলি লৈলা হাতে।
দশকো সম্বুধি বীৰ সীতাসুতে মাতে॥১৯৪
শুনা বীৰগণ অৰে আমাৰ বচন।
হেন জানা একেলগে দশৰো মৰণ।।
এতেক বোলন্তে আসি পৰিলা গাৱত।
সুগ্ৰীৱৰ দশপুত্ৰ একেলগে হত॥১৯৫
মন্ত্ৰীৰ পুত্ৰক মাৰি চাহি আছে লৱে।
দেখিলেক ধনু-চোৰ দুৰ্জ্জন দানৱে।।
গদাগোট ধৰি যত বল আছে মানে।
লৱৰ মুণ্ডত কোব দিলা বৰ টানে॥১৯৬
বলৱন্ত দানৱৰ বৰ চোট পাই।
মূৰ্চ্ছা গৈয়া লৱ পৰিলেক সেহি ঠাই।।
অচেতনে পৃথিবীত মুহুৰ্ত্তেক মানে।
আছিলেক সীতাত পৰি সেহি থানে॥১৯৭
কতে বেলি স্বস্থ ভৈলা সীতাৰ ছৱাল।
পৃথিবী কম্পাই উঠিলেক সেহি কাল।।
বিপৰীত অপমানে আছে হৃদি ভেদি।
কুঞ্জবাণ ধৰি ৰাক্ষসক গৈলা খেদি॥১৯৮
উৰুত চৰণ দিয়া ধৰিলেক টানি।
কাটিলেক মুণ্ডগোট কুঞ্জবাণ হানি।।