পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
লৱ-কুশৰ যুদ্ধ

থাক আজি বিনাশ কৰিবো এতিক্ষণে।
এহি বুলি নাদ কৰিলন্ত ঘােৰ বণে ॥১৮৩
শত শৰ হানি মাৰিলেক শত প্রাণী ।
দুই শত মাৰে দুই শত শৰ হানি।।
সহস্রে সহস্রে মাৰে অযুতে নিযুতে।
হেনমতে সেনা মানে মাৰিলা বহুতে ॥১৮৪
অসংখ্যাত গজ বাজী মৰিলন্ত হয়।
ৰামৰ সেনাৰ বব ভৈলা পৰাভৱ।।
লৱৰ দেহাত ক্ষত ভৈলা আসবিষ ।
হেন বেলা লৱে হানিলেক দশােদিশ ॥১৮৫

দানৱৰ লৱৰ ধনু অপহৰণ ; দানৱৰ লগত লৱৰ আকাশ-যুদ্ধ , আৰু কুঞ্জবাণৰ দ্বাৰা দানৱ নিহত

কুশক নেদেখি লৱে গুণন্ত মনত।
দুইকো দুই নেদেখন্ত ঘােৰ সমৰত।।
হেন চিন্তা মনত কৰন্ত যেৱে লৱে ।
বুদ্ধি কৰি লৱৰ ধনু নিলেক দানৱে ॥১৮৬
ৰাৱণৰ মমা বুদ্ধিমন্ত্রী তাৰ নাম ।
সেহিটো নিলেক ধনু আতি অনুপম।।
ৰামত যােগাইবে নিয়া হেন অভিলাষ।
লৱে দেখি বােলন্ত পাপিষ্ঠ নপলাস ॥১৮৭
থাক থাক পাপিষ্ঠ দুৰ্ম্মতি ধনু-চোৰ।
হেন জানাে যমে পাত মলচিলা তােৰ।।