সমললৈ যাওক

পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
লৱ-কুশৰ যুদ্ধ


মৰণক ডৰে সেনা সমস্তে পলাইলা।
দণ্ড চাৰি পন্থ যাই অন্তৰি ৰহিলা।
কালজিত লক্ষ্মণ ৰহিল দুই বীৰ ।
কোপে অপমানে কাম্পে দুহানাে শৰীৰ ॥১৭৮
কালজিতে বােলে সেনা পলায় কি কাৰণ।
পলাব নিদিবা হাক দিয়াহা লক্ষ্মণ।।
হেন শুনি কটকেও খেদি দিলা ৰণ।
এক্ষণে শিশুক নিবো যমৰ ভুৱন ॥১৭৯
ছয় শত চল্লিশ হাজাৰ হস্তীচয়।
আশী কোটি শত ৰথ নব্বৈ কোটি হয়।।
একো একো হস্তী ৰাখে দশখান ৰথ।
একো একো ৰথে ৰাখে ঘােৰা একশত ॥১৮০
একো একো ঘােৰা ৰাখে শতেক পদাতি।
এক পদাতিয়ে ৰাখে শত বাৰুৱতী।।
এহিমতে বাঢ়ি সমদলে দিলা ধাৰ ।
চৌপাশে আৱৰি বােলে ধৰ ধৰ মাৰ ॥১৮১
শেল যে শকতি গদা চক্র ও তােমৰ।
প্রাশ পাশুপত্ৰ বৰিষন্ত নিৰন্তৰ ।।
আৰো আন অস্ত্রগতি লক্ষিতে নপাৰি।
একে জোপে শতেক সহস্রে মাৰে বেঢ়ি ॥১৮২
হেন দেখি কোপে মাতিলন্ত সীতা-সুত।
একক অনেকে যুজে কিনো বিপৰীত ।।