পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
লৱ-কুশৰ যুদ্ধ

শত্ৰুঘ্নৰ নিধন শুনি শ্ৰীৰামচন্দ্ৰৰ শোক

ৰামদেৱ বদতি শুনিয়ো দূত লোক।
কিবা শিশু যুৱক জিজ্ঞাসা কৰা মোক॥
কিবা উগ্ৰদণ্ড কৰিলেক শত্ৰুঘন।
কিকাৰণে বোলা এত ঘাতুক বচন॥১৪২
দূতগণে বোলে গুৰু দুনাই নমস্কাৰ।
মিছামাতে যিটো তাৰ কাটা যাউক ঘাৰ॥
যাৰ নাম সুমৰণে দুৰ্গতি এৰায়।
তাহান আগত মিছা কহন নযায়॥১৪৩
স্বৰূপত সেনাপতি পৰিল ৰণত।
নকহিবো মিছা প্ৰভু তোমাৰ আগত॥
তান দুই ভাইৰ কেহো নাহিকে সহায়।
যেন যুৱায় কৰিয়েক আপুনি উপায়॥১৪৪
দূতৰ বচনে ৰামে কৰন্ত বিলাপ।
আজি শত্ৰুঘনে দিল দাৰুণ সন্তাপ॥
কিনো নিদাৰুণ পাপ কৰিলো পূৰ্ব্বত।
ভ্ৰাতৃহত ভৈল মোৰ শিশুৰ হাতত॥১৪৫
আজিসে যজ্ঞৰ মোৰ ভৈল আশা ভঙ্গ।
শিশুৰ হাতত শত্ৰুঘন ভৈলা সাঙ্গ॥
হেনয় অৱস্থা ভৈলা ভাইৰ পাঞ্চবি।
কোনবা থানত তাৰ দেহা ৰৈলা পৰি॥ ১৪৬