এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
লৱ-কুশৰ যুদ্ধ
তিল ঘৃত শ্যাম ধূমে অৰুণ লোচন।
ৰামক প্ৰণামি দূতে বুলিলা বচন॥১৩৬
শুনিয়োক কথা প্ৰভু ভৈলা আচৰিত।
তোমাৰ তুঙ্গ বঙ্গে ফুৰন্ত বহুত॥
নেদেখিলো হেন কোন ৰাজা ঘোৰা ধৰে।
আছোক যুজিব তযু নাম শুনি ডৰে॥১৩৭
বনত পশিল ঘোৰা দশোদিশ ফুৰি।
একেশ্বৰ ছৱালে ঘোৰাক নিলা ধৰি॥
একেশ্বৰ দেখিয়া সসৈন্যে দিলো ধাৰ।
একেশ্বৰে সবাক্যে কৰিলা মহামাৰ॥১৩৮
তেবেসে তোমাৰ ভাই কৰিলা সমৰ।
আৰো অন্যোঅন্যে বেঢ়ি কৰিলা সমৰ।
শৰে হানি ধনু কাটি অচেতন কৰি।
জীৱন্তে ৰথত তুলি আনিলোহো ধৰি॥১৩৯
বঙ্গে ঢঙ্গে বাদ্যে ভণ্ডে বাই সমদলে।
ৰিপু জিনি ঘোৰ লৈয়া আসো কৌতূহলে॥
সেহিবো তাৰ ভাই খাণ্ডা বাৰু ধৰি।
একেশ্বৰে খেদি আইলা থাক থাক কৰি॥১৪০
অসংখ্যাত সেনা মানে মাৰিলা সমৰে।
ভাইক মাৰিলা পাচে ঘোৰতৰ শৰে॥
তাৰ ভ্ৰাতৃ সমে পাচে ঘোৰা নিলা ধৰি।
তেবেসে পলাইলো আমি সমৰক এৰি॥১৪১