পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
লৱ-কুশৰ যুদ্ধ

সেহিবে লৱে স্বস্থ পাইলন্ত গাৱত।
দেখন্ত বসিয়া কুশ আছন্ত তথাত॥
কুশক দেখিয়া লৱে হাসিয়া বোলয়।
তোমাৰ প্ৰসাদে দাদা দুৰ্গতি এৰায়॥১৩২
আজি মোৰ ৰণভঙ্গ ভৈলেক প্ৰমাদে।
পুনৰপি জীলো দাদা তোমাৰ প্ৰসাদে॥
ঘোৰাক ধৰিয়া যত বীৰ আছে চাই।
বায়ু-বিভাবসু যেন দেখি দুয়ো ভাই॥১৩৩

শত্ৰুঘ্নৰ নিধন বাৰ্তা শ্ৰীৰামচন্দ্ৰৰ ওচৰত
দূতৰ নিবেদন

জৈমিনি বদতি শুনিয়োক জন্মেজয়।
ৰামৰ আগত প্ৰবেশিলা দূতচয়॥
সিবেলাত ৰাম বসি আছন্ত কুশত।
মৃগচৰ্ম্ম পিন্ধি আৰম্ভিলা দৃঢ়ব্ৰত॥১৩৪
ব্যাঘ্ৰৰ মৃগৰ চৰ্ম্ম গাৱে পৰিধান।
যজ্ঞ ব্ৰত আৰম্ভিলা আতি অনুপাম॥
লক্ষ্মণ ভৰত উপশান্ত দুয়ো ভাই।
আছন্ত উপাসি বীৰগণে সেহি ঠাই॥১৩৫
সুৱৰ্ণ প্ৰতিমা সীতা আছে একপাশে।
পাত্ৰ মন্ত্ৰীগণে সবে ৰাজাক উপাসে॥