পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭
লৱ-কুশৰ যুদ্ধ

কুশৰ হাতত শত্ৰুঘ্নৰ নিধন

জৈমিনি বদতি শুনা জন্মেজয় ৰাজা।
শত্ৰুঘনে দেখে ব্যুহ ভাঙ্গি পলায় প্ৰজা॥
কোপ অপমানে সমৰক লাগি যান্ত।
কৰ্ণমানে ধনু টানি বচন বোলন্ত॥১২৭
থাক থাক অৰে মোৰ সেনাৰ বিপত্তি।
এহি বুলি শৰ প্ৰহাৰিলা মহামতি॥
পুনৰপি মহাকোপে সীতাৰ সন্তানে।
ভেদিলেক শৰচয় কোপ অপমানে॥১২৮
সেহি শৰে ৰামৰ কনিষ্ঠ জৰ্জ্জৰিত।
ঘোৰা সমে ৰথখান ভৈলা চূৰ্ণকৃত॥
পুনৰপি মহাকোপে সীতাৰ তনয়।
অনন্তৰে সাত শৰে ভেদিলা হৃদয়॥১২৯
আতি দৃঢ়তৰ শৰে ভেদিলা হৃদয়।
ফুৰি ফুৰি পৰিলেক দেখি তমোময়॥
প্ৰমত্ত মাতঙ্গ যেন গিৰিৰ শিখৰে।
অচেতনে আছে পৰি চেতন নকৰে॥১৩০
শত্ৰুঘন বীৰক যে অচেতন দেখি।
পলাইল কটক তেবে সমৰ উপেক্ষি॥
কতো কতো পলাই সেনা গৈলা অযোধ্যাক।
ৰামৰ আগত এহি বাৰ্ত্তা জনাইবাক॥১৩১