পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
লৱ-কুশৰ যুদ্ধ

ঘৰৰ ওলাই আটাস তেজিলা
 বাহুত মাৰিয়া দাম্ফি।
হবিণযুথক সিংহে খেদি নেয়
 নাই ভয় ভীত ডৰ।
ৰিপু সৈন্যজাক খেদি লৈয়া যায়
 লৱৰিয়া কুশ বীৰ॥৯৯
থাক থাক অৰে আৰ কৈক যাস
 লৱক লৈয়া পলাস।
তাহান সোদৰ কুশ বোলে মোক
 সবাকো কৰিবো নাশ।।
মোহোৰ বীৰত্ব আজিসে দেখাইবো
 ঋষি উপদেশ সাৰ।
নিৰ্ঘাত শৱদে কৰ্ণমানে টানি
 ধনুত দিলা টঙ্কাৰ॥১০০
যদি আজি মোক সমৰে জিনস
 লৱক নিয়া সাম্ফল।
এহিসে দিনত দুই চক্ষু খাইলি
 সবান্ধৱে গৈলি তল।।
এভু হেন কৰ মোৰ বোল ধৰ
 এৰিয়ো মোৰ সোদৰ।
নুহি আছে গহ খানিতেক ৰহ
 সম্মুখ সমৰে মৰ॥১০১