পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
লৱ-কুশৰ যুদ্ধ

কোনোবা ৰাজাৰ ঘোৰা সেহি স্থানে আছে।
নজানি নুশুনি থৈলা বান্ধি কলগাছে॥
ঘোৰা ৰক্ষা সেনামানে বেঢ়ি দিলা ৰণ।
তাক মাৰি লৱে নিলা যমৰ কৰণ॥৮৬
তাৰ সেনাপতি যুদ্ধ কৰি অনন্তৰে।
হৃদয়ত লৱৰ ভেদিল দৃঢ় শৰে॥
সেহি শৰে লৱ পুত্ৰ অচেতন ভৈলা।
পাচে সেনাপতি বথে তুলি লৈয়া গৈলা॥৮৭
জীৱন মৰণ তাৰ নজানিলে সাৰ।
তুমি বিনে কোনে কৰিবেক প্ৰতিকাৰ॥
একমনে বোলো মই তোহোক পঠাওঁ।
আৰ মনে বোলো জানো তোহোক হৰাওঁ॥৮৮
উগুল থুগুল স্থিৰ নাহিকে মনৰ।
আপোনাৰ যেন ইচ্ছা তাকে তই কৰ॥
হেন শুনি কোপিল সীতাৰ নন্দন।
ভ্ৰুকুটি কুটিল মুখ অধৰ নয়ন॥৮৯

কুশৰ যুদ্ধ-প্ৰতিজ্ঞা আৰু সীতাৰ আশীৰ্ব্বাদ



মাৱক প্ৰণামি পাচে মাতিলন্ত কুশে।
সবাক তুষিবো আজি মোহোৰ পৌৰুষে॥
কোননো পাপিষ্ঠে মোৰ ভাইক নিলা ধৰি।
তাৰ তেজে আজি পূৰ্ণ হৈব বসুন্ধৰী॥৯০