পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
লৱ-কুশৰ যুদ্ধ

আজি প্ৰভাততে মোৰ লগে ভৈলা সাজ।
মই বোলো তোহোৰ বনত নাহি কাজ॥৮১
কিবা সেহি খঙ্গে মোৰ নচাপয় পাশ।
এহিমনে গুণি কুশে কাঢ়ন্ত নিশ্বাস॥
কিবা শূন্য ছেগ চাই কিবা নিলা ধৰি।
কি কাৰণে নাসে লৱ আথবেথ কৰি॥৮২
মাৱত সুধিলে কথা পাইবো সমুদায়।
এই বুলি ঘৰে গৈলা দুৱাৰ এৰাই॥
মাৱক প্ৰণামি কুশ আগে ভৈলা থিৱ।
সীতায়ে বোলন্ত বাপু হোক চিৰঞ্জীৱ॥৮৩

সীতাৰ কুশৰ আগত লৱৰ পৰাজয় বাতৰি কথন



সজল নয়ন শোকে গদ গদ মাত।
হেন দেখি কুশে পাচে পুছিলা মাৱত॥
তোমাৰ বিষাদ আজি কি কাৰণে আই।
কোন ঠাই গৈলা ধৰে নাহি লৱ ভাই॥৮৪
অবোধ ছৱাল কিবা কোন থানে গৈলা।
আন বা তোমাৰ কিবা অথন্তৰ ভৈলা॥
সীতায়ে বেলন্ত শুনা শোকৰ কাৰণ।
ঋষিৰ ছৱাল সঙ্গে লৱ গৈলা বন॥৮৫