পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
লৱ-কুশৰ যুদ্ধ

চন্দ্ৰসম বদন দেখিয়া কোন বীৰে।
কোন সতে শৰ হানে তোহোৰ শৰীৰে॥৭৬
ফল মুল ভোজনৰ সুকোমল কায়া।
হেন ৰূপ দেখি তোক নকৰিলা দয়া॥
এবে কি কৰিবো মই কৈক লাগি যাওঁ।
ইটো পুত্ৰশোক মই কহিত এৰাওঁ॥৭৭
নাহিকে বাল্মিকী ঋষি নাহি কুশ বাপ।
কাহাত কহিবে কোনে খণ্ডাইবে সন্তাপ॥
ইষ্ট বন্ধু বান্ধৱ সবাকে মই এৰি।
বনবাস দিলে মোক ভৈলো একেশ্বৰী॥৭৮
এহি দুই পুত্ৰত মোহোৰ বৰ আশ।
হৰি হৰি বিধি তাত কৰিলা নৈৰাশ॥
আনো গুণগণ বৰ্ণাই কান্দিলা বহুত।
সেহি বেলা কুশ আসি ভৈলা উপগত॥ ৭৯

কুশৰ অমঙ্গল দৰ্শন



পন্থত আসন্তে তাৰ ভৈলা বিমঙ্গল।
বিনা শোকে বিষাদে নয়নে বহে জল॥
বাম বাহু ফন্দে উতপাত কৰে মন।
হেন দেখি গুণিলন্ত সীতাৰ নন্দন॥৮০
আজি দেখো লৱ ভাই নাসে আগবাঢ়ি।
দদাই বুলিয়া ফল নেনে আসি কাঢ়ি॥