পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
লৱ-কুশৰ যুদ্ধ

কতো বেলি দুয়োজনে কৰিলা সমৰ।
লৱৰ হৃদিত ভেদিলন্ত দিব্য শৰ॥
শৰঘাৱে তাহাৰ পীড়িলা সবে তনু।
পাচে কাটি পেলাইলা লৱৰ দিব্য ধনু॥৭১
মূৰ্চ্ছিত কৰিয়া বন্দী কৰিলন্ত তথা।
জীৱন মৰণ নজানিলো পাচকথা॥
ঋষিৰ ছৱাল মুখে শুনি সীতা সতী।
হা পুত্ৰ বুলি ঢলি পৰিলা তহিতি॥৭২
হাকুল ব্যাকুলে কান্দিলন্ত সীতা আই।
ধনী বিয়াকুল যেন ধন হেৰুৱাই॥
কতোবেলি সীতা আই লভিলা চেতন।
সূৰ্যক প্ৰণামি হেন বুলিলা বচন॥৭৩
দশ দিগপালগণ সবে হৈবা সাক্ষী।
যদি আমি পতিব্ৰতা ধৰ্ম্ম আছো ৰাখি॥
যেবে মই শিশু ধৰি কৰা নাই পাপ।
তেবে মোত নলাগোক শিশুৰ সন্তাপ॥৭৪.
যাবদেকে কুশে লাগ নপাৱয় মানে।
তেবে মোৰ লৱ পুত্ৰ জীয়োক কল্যাণে॥
পুত্ৰ প্ৰতি সীতা সতী কৰন্ত ক্ৰন্দন।
মোৰ হাক নুশুনি কিসক গৈলি বন॥৭৫
একেশ্বৰে শিশুক বিস্তৰে পাইল লাগ।
যেবে প্ৰাণ ৰহে বাপু মোৰ বৰ ভাগ॥