পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
লৱ-কুশৰ যুদ্ধ


হেন শুনি লৱে প্ৰহাৰিলা দুই বাণ ।
হালধীয়া শৰক কৰিলা খান খান ॥৫০
মিছা সাক্ষী কহন্তে পুৰুষ অধােগতি।
শত্ৰুৰ শৰ ভৈলা তেনয় সঙ্গতি।।
শৰ হত দেখি শত্রুঘন বীৰবৰ।
যমদণ্ড সদৃশ ধৰিলা আৰো শৰ ॥৫১
দেখি সীতাসুতে আতি কোপিলন্ত মনে।
শৰ ধনু জপাই কাটিলা তেতিক্ষণে।।
শিশুৰ সমৰে আতি উপালম্ভ পাই।
হাত হন্তে কাটা ধনু আছাৰি পেলাই॥৫২
যেহি ধনু-শৰে মাৰিলোহো ৰিপুগণ।
আজি সেহি শৰ ধৰি তােক কৰে ছন্ন।
জ্যেষ্ঠ মাসৰ ৰৌদ্ৰৰ যেহেন দীপিতি।
সেহিমতে শৰ প্ৰহাৰিলা চতুর্ভিতি ॥৫৩

লৱৰ পৰাজয়

বহ্নিসম ধনু টানি দিগন্ত আটাস।
মাৰিলো ছৱাল আজি জীৱন্তে নৰস ।।
শৰৰ দীপিতি দেখি লৱ ভৈলা ত্রাস।
জানিলো আমাক শৰে কৰিলা বিনাশ ॥৫৪
বিপাকে পৰিলো আৱে মােৰ প্রাণ যায়।
আছো একেশ্বৰে লগে নাহি কুশ ভাই।।