পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
লৱ-কুশৰ যুদ্ধ

ভল্ল তিনি শৰ ফুটি সীতাৰ সন্তান।
হাসি হাসি উপালম্ভ বুলিলা বচন॥
অনেক নিৰ্ম্মম বাণী বিস্তৰ বুলিল।
শৰ বুলি মাৰিলাহা মালতীৰ ফুল॥৪৫
এহি শৰে মোহোৰ কপালে জাতিষ্কাৰ।
থানিতেক সহ আৰ কৰো প্ৰতিকাৰ॥
এহি বুলি লৱে প্ৰহাৰিলা চাৰি শৰ।
চাৰি শৰে চাৰি ঘোৰা নিলা যমঘৰ॥৪৬
আৰ একপাট শৰ মাৰিলেক ডাটি।
সেহি শৰে সাৰথিৰ শিৰ নিলা কাটি॥
শত্ৰুঘ্নৰ ধ্বজগোট আতি বিপৰীত।
দুই শৰ হানি কাটি পেলাইলা তহিত॥৪৭
হস্তী ৰথ সাৰথি ঘোটক ধনু ধ্বজ।
অন্য ধনু ধৰি যুজিবাক ভৈলা সাজ॥
কোপ অপমানে পাচে দশৰথসুতে।
হালধীয়া শৰপাট বাছি লৈলা হাতে॥৪৮
গৃধ্ৰ শগুণৰ পাখি আনি তাক চাইলা।
নাহিকে নিস্তাৰ যাক আগে লাগ পাইলা॥
হেন শৰ গুণত যুৰিলা সেনাপতি।
দয়ায়ে শিশুক চাই শত্ৰুঘ্ন বদতি॥৪৯
তই শিশু ছৱালক কেনে কৰো শৰ।
মোৰ বাক্য ধৰি পলাই প্ৰাণ ৰক্ষা কৰ॥