পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লৱ-কুশৰ যুদ্ধ

হাত কাটা সেনাগণে পাৰয় আটাস।
ধৰ ধৰ মাৰ মাৰ আৰ কিবা চাস॥৩৪
অৱশেষ সেনাগণে হানিলা শকতি।
শ্ৰম কৰি এৰাইলন্ত সীতাৰ সন্ততি॥
গঙ্গাত সানিলে যেন পাতক এৰায়।
লৱক নুচুই শৰ ফিৰিয়া আসয়॥৩৫
পুনৰপি কোপ মনে সীতাৰ সন্তান।
গাৱে গাৱে পাঞ্চ শৰ কৰিলা সন্ধান॥
সেহি শৰে হৃদয়ক ভেদিলেক ডাটি।
পাচে আৰো শৰে শিৰ পেলাইলেক কাটি॥৩৬
হস্তীগণ আউৰ কাটি পেলাইলা তহিত।
সুৱৰ্ণ কবচ সমে ৰথী বিপৰীত॥
শুণ্ডে মুণ্ডে কাটিলেক ঘণ্টায়ে সহিত।
পতাকা ধ্বজক কাটি পেলাইলা তহিত॥৩৭
ৰথ চক্ৰ বিবিধ কাটিলা জাকে জাক।
সাৰথি সহিতে কাটি পেলাইলা ঘোৰাক॥
তথাপিতো কোপ ক্ষমা নভৈলা লৱৰ।
হৰিণক লাগি যেন বাঘে দিলা ধাৰ॥৩৮
খাণ্ডা বাৰু সহিতে পদাতি বহুতৰ।
কাটি কাটি পঠাইলেক যমৰ নগৰ॥
গজ বাজী প্ৰজা মাৰি পেলাইলা উৰাই।
হেন দেখি শত্ৰুঘনে ক্ৰোধে গৈলা ধাই॥৩৯