পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
লৱ-কুশৰ যুদ্ধ

কিসক ধৰিলি বােৰা নৃপতি ৰামৰ।
ঋষিৰ ছৱাল মৰিবাক নাহি ডৰ ॥
হেন শুনি ঋষিৰ ছৱালে পাৰে ডাক।
নধৰো ৰামৰ ঘােৰা ৰাখিয়ো আমাক ॥২৯
গাছৰ গুৰিত বসি আছে একেশ্বৰ।
সেহিসে ধৰিছে ঘােৰা নৃপতি ৰামৰ ॥
হাক ডাক নুশুনি পৰৰ ধৰে হয়।
ইহাৰেসে লৱ নাম জানিবা নিশ্চয় ॥৩০
হাসিয়া কটকে বােলে অবােধ ছৱাল।
ৰাজাৰ ঘােৰাক ধৰি লগাইলি জঞ্জাল॥
বাটৰ ধেনুক ধৰি দুহাতে চান্দস।
মৰিবাৰ ঔষধক গলত বান্ধস ॥৩১
এৰা ঝান্টে ঘােৰা কেনে মৰিবাক চাস।
এহি বুলি কটকে চাপিলা গৈয়া পাশ ॥
ঘােৰা মেলিবাক যায় আথ বেথ কৰি।
হেন দেখি লৱ পাচে গৈলা আগবাঢ়ি ॥৩২
আমাক নুসুধি ঘােৰা মেলস সম্প্রতি।
নেদিলে নিবাক পাৰে কাহাৰ শকতি॥
আমি যে নেদিলে ঘােৰা নিবা কেন কৰি।
এহি বুলি লৱ পাচে গৈলা ধনু ধৰি ॥৩৩
মহা কোপে মাৰিল। নৰাচ অসংখ্যাত।
সেহি শৰে সবাৰাে কাটিলা দুই হাত॥