এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬
লৱ-কুশৰ যুদ্ধ
স্বভাৱে ব্ৰাহ্মণ আমি আবো শিশুকাল।
শূন্য যে আশ্ৰম ঋষি গৈলেক পাতাল॥
হেন শুনি কোপে লৱ দিলন্ত উত্তৰ।
স্বভাৱে ব্ৰাহ্মণ জাতি দৰুক সবাৰ॥২৪
তুমিসবে ঋষিৰ ঔৰসে ভৈলা জাত।
আমি জন্ম ধৰি আছো জানকী সীতাত॥
আগে ঘোৰা ধৰি পাচে এৰো মই যেবে।
সংসাৰৰ বীৰগণে হাসিবেক তেবে॥২৫
ইসব লজ্জাত কৰি মৰণেসে ভাল।
নেৰিবো ঘোৰাক তোৰা যায়োক সকল॥
এহি বুলি বীৰদৰ্পে সীতাৰ নন্দন।
বৃক্ষমূলে বসিলেক হৰষিত মন॥২৬
জৈমিনি বদতি শুনিয়ো জন্মেজয়।
ঘোৰা ধৰি লৱ বীৰ আছন্ত নিৰ্ভয়॥
অসংখ্যাত সেনা দণ্ডে ছত্ৰে আসে ধায়।
ঢাক ঢোল তবল মৃদঙ্গ বাদ্য বায়॥২৭
কি ভৈল কি ভৈল ঘোৰা বুলি ৰিঙ্গ পাৰে।
তিনি অক্ষৌহিণী সেনা ধাইল একেবাৰে॥
শত্ৰুঘন প্ৰসাদত নিঃশঙ্ক হৃদয়।
দেখন্ত কলৰ গাছে বান্ধি আছে হয়॥২৮