পৃষ্ঠা:লৱ-কুশৰ যুদ্ধ (অজ্ঞাত কবি).pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
লৱ-কুশৰ যুদ্ধ

নুহি তেবে সামৰাজ্যে বৰােক যজ্ঞত।
হেনয় বীৰত্ব বাণী দেখিলা পত্ৰত॥
হেন দেখি কুপিলন্ত সীতাসুত লৱ।
বীৰত্ব বচনে তান নসহিলা গাৱ ॥১৯

 লৱৰ অশ্বমেধ যজ্ঞৰ ঘােৰা বন্ধন

ৰামৰ জননী যে কৌশল্যা নিজমাতা।
আমি জন্ম ধৰি আছো জানকী সীতাত॥
কোন থান দেখাে আজি ৰাম বীৰবৰ।
মই লাগ পাইলে তাঙ্ক কৰিবাে সমৰ ॥২০
এহি বুলি লৱে পাচে গৈলা আগবাঢ়ি।
আপােনাৰ গাৱৰ উত্তৰী লৈলা কাঢ়ি ॥
আগবাঢ়ি ঘােৰাৰ উত্তৰী দিলা গলে।
আজুৰি পিজুৰি নিয়া বান্ধি থৈলা কলে॥২১
ঋষিৰ ছৱালে বােলে শুন অৰে লৱ।
তােমাৰ নিমিত্তে আমি পাইবাে বৰ ভয় ॥
ৰাজাৰ ঘােৰাক তুমি ধৰা কি কাৰণে।
মাৰি ধৰি সবাকো নিবেক এতিক্ষণে ॥২২
অসংখ্যাত সেনা আছে তাহাৰ পাচত।
শুনিছা তাহাক তুমি যুজিতে শকত॥
আছােক যুজিবে তাক দেখি লাগে ডৰ।
লৰি পুৰি নিব আজি সকলো নগৰ ॥২৩