এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ল'ৰাৰ নিজা পুথি ৷ ঈশ্বৰলৈ সেৱা ৷ । “অকণ পখীটি হেৰা ! শুনোচোন্ আমি ; শিকিলা শুৱলা গীত কাৰপৰা তুমি ?” “জনম লভিছোঁ দেৱ ! যাৰ দয়া গুণে ; শুৱলা গীতও পালো তেওঁৰে মৰমে।” “বিতোপন ফুল হেৰা ! কোৱা থিৰ কৰি ; কোনে নো স্ৰজিলে তোক মনমোহা কৰি ?” “জল-থল সকলোকে স্ৰজিছে যি জনে ; সুগন্ধি কৰিছে মোকো সেই স্রষ্টা জনে।” “অনাথ শিশুটি হেৰা ! এন্ধাৰ ৰাতিত, থকানে অকলে শুই শীতল পাটীত ?” “অনাথৰ নাথ ভাই ! দয়ালু ঈশ্বৰে, শিতানত বহি থাকি মোক ৰক্ষা কৰে।”