[ ] পঢ়াশালিতে চলে, তাৰ নিমিত্তে শিক্ষা-বিভাগৰ ইনিচুপেক্টৰ আৰু পণ্ডিতবিলাকে পুৰুষাৰ্থ কৰা উচিত ৷ শুভার্থী -- শ্রীব্ৰজপতি বন্দ্যোপাধ্যায়, হেড মাষ্টাৰ, ট্রেনিং স্কুল, গুৱাহাটী । ২৪|১০২ | শ্ৰীযুত শ্রদ্ধাচৰণ চৌধুৰীয়ে তেওঁৰ ৰচিত ‘লৰাৰ নিজা পুথি খন মোক চাবলৈ দিছিল ৷ মই তাক আদিৰ পৰা অন্তলৈকে পঢ়িলোঁ। কেটামান গদ্য আৰু পদ্য মিহলি প্ৰৱন্ধৰ যোগত পুথি- খন সুন্দৰ হৈছে। পাঠবিলাক নীতিপূৰ্ণ আৰু উজু অসমীয়াত লিখা হৈছে। আজিলৈকে এই শ্ৰেণীৰ যি কেইখন কিতাপ ওলাইছে, মই তাকে৷ পঢ়ি চাইছোঁ ; কিন্তু ‘লৰাৰ নিজা, পুথিৰ প্রণালী বেলেগ যেন বোধ হল ৷ আজি কালি ইংরেজী ভাষাত এই খাপৰ যিবোৰ কিতাপ ওলাইছে, ইয়াকো সেই ধৰণে লিখা যেন দেখা যায় । ইয়াত চন্দ্র, সূৰ্য্য, বায়ু, পৃথিবী আদি কিছুমান বস্তুৰ আভিধানিক সমুদায় নাম দিয়া হৈছে। ইও এটা নতুন ব্যৱস্থা। আগ গোৰ সকলো বিবেচনা কৰিচালে পুথিখন উৎকৃষ্ট হোৱা নাই বুলি কব নোৱাৰি। এনেকুৱা পুথি কুমলীয়া লৰা ছোৱালীক পঢ়িবলৈ দিলে নিশ্চয় সিহঁতৰ উপকাৰ হব । ইতি ১৯ পুহ, ে ১৩০৮ চন। শ্রীসত্যনাথ বৰা বি,এল ; গুৱাহাটী ৷ TO FIRTA
পৃষ্ঠা:লৰাৰ নিজা পুথি.pdf/৬
অৱয়ব