এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
11 [৩৯] বুধি সাজি আহি, পোৱালি থকা ঘৰৰ পাচফালে এটা থাকি আনটো পোৱালিৰ কাষত উপস্থিত হল গৈ । কুকুৰ জনীয়ে শিয়ালক দেখিয়েই ভুক্- ভুকাই খেদি নিলত। পাচফালত থকা শিয়ালটোৱে এটি এটিকৈ সকলোটি পোৱালি কামুৰি লই গল ৷ এজনী বিবিৰ টপ্চি নামে এটি মেকুৰি আছিল । টপ্চি বিবিজনীৰ যেনে মৰমৰ বস্তু আছিল, টপ্- চিয়েও তেওঁক তেনে মৰম কৰিছিল। এদিন ঘৰৰ গৰাকীজনে মদ খাই বলীয়া হৈ, বিবিজনীক বৰ যাতনা দি অৱশেষত ডিঙ্গিত টিপি একেবাৰে মাৰিবলৈ যোৱাত, টপ্চিয়ে একো উপায় নেপাই গৰাকীজনাৰ পিঠিখন আঁচুৰি বখলাবখলি কৰিলে ৷ তেতিয়া মদপীয়ে যাতনাত অথিৰ হৈ বিবিক এৰি টপ্চিকে মাৰিবলৈ গল । টপ্চি পলাই যোৱাত বিবিয়ে ঘৰৰ দুৱাৰ মাৰি মদপীৰ হাতৰ পৰা প্ৰাণ- ৰক্ষা কৰিলে । ৰাতি পুৱা : উঠা হেৰা শিশু ভাই ! এন্ধাৰ পৰিছে শেষ । উঠা আৰ ৰাতি নাই ॥ পোহৰে ভৰিছে দেশ ৷৷