সমললৈ যাওক

পৃষ্ঠা:লৰাৰ নিজা পুথি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[২৮ ২৮ ] মানুহে ঘোৰাৰ হতুৱাই হাল টনাই মাটি চাহো কৰে। ইহঁতক যেনেকৈ শিকোৱা যায়, ঠিক্‌ঠাক্‌ তেনেকৈ শিকিব পাৰে। সৈন্যবিলাকে যেতিয়া শিক্ষিত ঘোঁৰাত উঠি বর্ণবাদ্য বজাই যুজ কৰি বলৈ যায়, তেতিয়া ঘোঁৰাবিলাকেও অতি উৎ- সাহেৰে আগুৱাই গৈ থাকে ৷ হিলৈ বা তোপৰ শব্দে ইহঁতক ভয় লগাব নোৱাৰে ৷ ঘাঁহ, যব, বুটমাহ আৰু আন আন শস্য ইহঁতৰ প্ৰধান খাদ্য। ঘোৰা মূল্যবান্ জন্তু । বেগ, আকৃতি আৰু ৰূপৰ কম বেচি অনুসাৰে ইহঁতৰ মূল্যও কমবেচি হয়। ঘোঁৰা প্ৰায় ৪০ বছৰলৈকে জীয়াই থাকে ৷ মাইকী ঘোঁৰাই দহমাহ গৰ্ভ ধৰি এটি পোৱালি জগায় । হাতী । সমুদায় পশুৰ ভিতৰত হাতী ডাঙ্গৰ । কোনো