এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
[[28] তাক দেখি তেওঁক পানীত নামিবলৈ অনেক বাধা কৰিছিল। ডাঙ্গৰীয়াই তাক কাণ নকৰি যেতিয়া কুম্ভীৰৰ মুখৰ আগত পৰিব লগা হল, তেতিয়া কুকুৰে নিৰুপায় হৈ নিজে তাৰ মুখত জপিয়াই পৰিলে! কুম্ভীৰে মনৰ আনন্দত তাক কামুৰি ধৰি পানীৰ তললৈ গল। ডাঙ্গৰীয়াই এতিয়াহে কুকুৰৰ মৰমৰ কথা জানিবলৈ পাৰি, তাৰ নিমিত্তে বৰ দুঃখিত হল। কুকুৰ সামান্য পশু হলেও যেনেকৈ নিজৰ প্রাণ দি গৰাকীৰ প্ৰাণ ৰক্ষা কৰিলে, মানুহৰ ভিতৰতো তেনে ঘটনা দেখা নেযায়। গৰু ৷ গৰু পৰম উপকাৰী জন্তু। ইহঁত বৰ শান্ত আৰু নম্র। মানুহে নির্দয় হৈ যাতনা দিলেও ইহঁতে শান্তভাৱে সহ্য কৰে। গৰুৰ দুটা শিং আৰু চাৰিখন ঠেঙ্গ আছে। এই শিং জোকাৰি