সমললৈ যাওক

পৃষ্ঠা:লৰাৰ নিজা পুথি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ 23 ] পৃথিবীৰ নানা ঠাইত নানা তৰহৰ কুকুৰ দেখা যায়। ভাত মঙ্গহাদি ইহঁতৰ প্ৰধান খাদ্য। মাইকী কুকুৰে বছৰেকৰ ভিতৰত ৩ মাহ গৰ্ভ ধৰি ৪।৫টী পোৱালি জগায়। তা চাইবিৰিয়৷ দেশৰ কুকুৰ বিলাক বৰ বলবন্ত আৰু কাৰ্য্যক্ষম । সিহঁতে বৰফৰ ওপৰেদি গাৰী টানি ঘণ্টাত ৭॥৮ মাইল বাট যাব পাৰে ৷ কোনো বাটৰুৱা মানুহ বৰফেৰে ঢাক খালে, সিহঁতে ততালিকে গৈ নখেৰে বৰফ গুচাই তেওঁক উদ্ধাৰ কৰে। চাহাববিলাকে কুকুৰক বৰ মৰমকৈ ৰাখে। দেশ দেশান্তৰলৈ গলেও সিহঁতে লগৰ কুকুৰটি লই যায় ৷ কোনো কোনো বিলাতী কুকুৰে হাট বজাৰৰ পৰা বস্তু কিনি আনে আৰু ৰাতি হলে গৰাকীৰ আগে আগে ‘লণ্ঠন’ লই যায় ৷ প্রভুভক্তি সম্বন্ধে অনেক গল্প শুনা যায় ৷ এটি মাথোন ঘটনাৰ কথা লিখা হল ৷ কুকুৰৰ তলত এদিন এজনা ডাঙ্গৰীয়াই নৈত নামিব ধৰোঁতে তাত এটা ‘কুম্ভীৰ’ ওলাইছিল । ডাঙ্গৰীয়াই হলে কুম্ভীৰক দেখা নাছিলে, কিন্তু তেওঁৰ কুকুৰটোৱে