সমললৈ যাওক

পৃষ্ঠা:লৰাৰ নিজা পুথি.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[28] স্থাৱৰ বোলে। যেনে :—গছ, লতা, শিল, মাটি ইত্যাদি তিন স্থাৱৰ দুবিধ জড় আৰু উদ্ভিদ। নি যিবোৰ সজীৱ বস্তু গুটি বা শিপাৰ পৰা গাজি মাটি ফুটি ওলায় আৰু ক্ৰমে বাঢ়িগৈ গছ লতাৰ আকৃতি ধৰি ফলফুল জন্মায় সিহঁতক উদ্ভিদ বোলে যেনে ঃ—আম, কঁঠাল, ধান কুঁহিয়াৰ ইত্যাদি । যিবোৰ নিৰ্জীৱ বস্তুৰ জন্ম, মৃত্যু, হ্রাস বৃদ্ধি নহয় সিহঁতক জড় বস্তু বোলে। যেনে সোণ, ৰূপ, লো, মাটি ইত্যাদি । এই পৃথিবীত অলেখ প্রাণী সততে ভ্ৰমি ফুৰিছে । সিহঁতক ঘাইকৈ জলচৰ, স্থলচৰ, উভচৰ আৰু খেচৰ এই চাৰি শ্ৰেণীত ভাগ কৰা যায় ৷ গৰু, মানুহ, হাতী, ঘোৰা আদি যিবোৰ প্ৰাণী মাটিৰ ওপৰত বাস কৰে, সিহঁতক স্থলচৰ' আৰু মাছ, শিহু, ঘৰিয়াল আদি যিবোৰ প্ৰাণী পানীৰ মাজত থাকে, সিহঁতক 'জলচৰ' বোলে । কাছ, ভেঁকুলি আদি কেতবোৰ প্ৰাণী, মাটি আৰু পানী দুইতে থাকে বুলি সিহঁতক ‘উভচৰ’ বোলে ৷