সমললৈ যাওক

পৃষ্ঠা:লৰাৰ নিজা পুথি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ১৩ ] দিনত শীতল-বতাহ বৰ আৰাম আৰু সুখৰ বস্তু, কিয়নো-তেতিয়া মানুহে গাত শীতল বতাহ লগাই শৰীৰ জুৰ পেলায় আৰু দারুণ ঘামৰ পৰা শান্তি লাভ কৰে ৷ আগৰ ঋষি সকলে বায়ুৰ উপকাৰিতা দেখিয়েই তাক “বিশ্ব-প্রাণ” নাম দি গৈছে ৷ ইয়াৰ অনিল, পবন, প্রভঞ্জন আদি আৰু কেটামান নাম আছে। পৃথিবী আৰু পদার্থ । আমি যাৰ ওপৰত ঘৰবাৰী সাজি বাস কৰিছে৷ তাৰ নাম পৃথিবী ৷ পৃথিবীৰ আকৃতি কদমফুলৰ নিচিনা ঘূৰণীয়া । ইয়াত তিনি ভাগ পানী আৰু এভাগ মাটি আছে। নৈ, বিল, সাগৰ আদিক “পানী” আৰু দেশ, নগৰ, পৰ্ব্বত আদিক “মাটি” বোলে। পৃথিবীত ‘স্থাৱৰ’ আৰু ‘জঙ্গম' দুবিধ বস্তু আছে। যি বিলাকে নিজৱ ইচ্ছামতে চলিব বুলিৰ পাৰে, সিহঁতক জঙ্গম বোলে । যেনে :—পশু, পখী, মানুহ, পোক-পৰুৱা ইত্যাদি । যি বিলাকে নিজৰ ইচ্ছামতে চলিব-বুলিব নোৱাৰে, সিহঁতক